Posts

the world safe enough for us?

Image
Dhriti Hazarika  Why girls are told not to go out alone, not wear too short clothes, not to stay out late, not to trust strangers, why people love to blame women? Why must a girl constantly change her life just to feel safe or follow her dream? Isn't she every right to live her life how she want? Why we have to compromise on everything?  Girl's safety is treated like a joke. Sadly society often teaches girls how to avoid danger instead of teaching people not to create that danger in first place. The saddest part is that when something happens, people often question the girl's instead of questioning the person who harmed her. Her character, clothes, timing, and decisions become topics of discussion, while the real issue gets pushed aside. A girl's safety should never depend on what she wears, where she goes, or how carefully she behaves. Every girl deserves to study, work, travel, laugh, and live without fear. And safety is not just about ...

আমাৰ বিভাগৰ প্ৰতি মোৰ কিছু মনৰ ভাৱ (আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধয়ন বিভাগ)

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰি মই যথেষ্ট আনন্দিত অনুভৱ কৰোঁ। এই বিভাগটো কেৱল পাঠ্যপুথিৰ জ্ঞান লাভ কৰাৰ উপৰিও ভাষা, সাহিত্য, সংস্কৃতি আৰু সমাজক গভীৰভাৱে বুজিবলৈও আমাক উৎসাহ দিয়ে।মই বিশ্বাস কৰোঁ যে এখন শিক্ষানুষ্ঠান কেৱল জ্ঞান আহৰণৰ স্থানেই নহয়, ই পাৰস্পৰিক সন্মান, সহযোগিতা, সহানুভূতি আৰু সুস্থ সম্পৰ্ক গঢ়ি তোলাৰো এক গুৰুত্বপূৰ্ণ স্থান। বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰতি মোৰ বিশেষ শ্ৰদ্ধা আছে। তেওঁলোকৰ পাঠদানৰ জৰিয়তে কেৱল বিষয়বস্তু বুজুৱাই নহয়,সাহিত্যক কেনেদৰে বিশ্লেষণ কৰিব লাগে আৰু নিজৰ চিন্তা-ভাৱনা কেনেদৰে প্ৰকাশ কৰিব লাগে সেই বিষয়েও আমাক উৎসাহিত কৰে। তেওঁলোকৰ জ্ঞান, অভিজ্ঞতা আৰু সহায়-সহযোগিতাই আমাৰ শিক্ষাজীৱনক গুৰুতৰ ভাৱে প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা যায়। এই বিভাগৰ পৰিৱেশ মোৰ বাবে অতি শিক্ষণীয় আৰু অনুপ্ৰেৰণাদায়ক। বিভিন্ন ভাষা আৰু সাহিত্যৰ অধ্যয়নৰ জৰিয়তে ভাৰতৰ বৈচিত্ৰ্য, সংস্কৃতি আৰু মানুহৰ জীৱনক নতুন দৃষ্টিভংগীৰে চাবলৈ শিকিছোঁ। সহপাঠীসকলৰ সৈতে আলোচনা, মত-বিনিময় আৰু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিও বহু নতু...

চন্দ্ৰকুমাৰ যেনেকৈ জানো

Image
পদ্মধৰ চলিহা  ভাটীৰ পৰা আহি অসমৰ জল-বায়ু, ভাষা সংস্কৃতিৰ লগত একেবাৰে মিলি যোৱা পৰিয়ালৰ ভিতৰত আগৰৱালা পৰিয়ালে নিশ্চয় আগশাৰীত ঠাই পাব। অসমীয়া সম্ভ্রান্ত পৰিয়ালৰ জীয়াৰীৰ লগত বিবাহ সূত্ৰত আৱদ্ধ হোৱাত সম্বন্ধ আৰু অধিক নিবিড় হৈ পৰিল। চন্দ্ৰকুমাৰৰ দেউতাক হৰিবিলাস আগৰৱালাই পোন প্ৰথমতে মহাপুৰুষ শঙ্কৰদেৱৰ অমৰ গ্ৰন্থ কীৰ্ত্তন পুথি প্রকাশ কৰি পোহৰলৈ উলিয়ায়। অসমীয়া সাহিত্যলৈ যোগোৱা আগৰৱালা পৰিয়ালৰ বৰঙণি বহুমূলীয়া। চন্দ্ৰকুমাৰৰ কবিতা পুথি 'প্রতিমা' আৰু 'বীণ বৰাগী'ত তেওঁৰ গভীৰ চিন্তাশীলতা, সূক্ষ্ম অনুভূতি আৰু জ্বলন্ত স্বদেশপ্রেম সুন্দৰকৈ ফুটি ওলাইছে। অসমীয়া নৱন্যাস যুগৰ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্র গোস্বামী, পদ্মনাথ গোহাঁইবৰুৱা, বেণুধৰ ৰাজখোৱা আদিৰ দৰে চন্দ্ৰকুমাৰো অন্যতম প্ৰৱৰ্ত্তক। কলিকতীয়া ছাত্র হৈ থকা কালতে তেওঁ 'জোনাকী' আলোচনীৰ সম্পাদকৰ দায়িত্ব লৈ তাক সুচাৰুৰূপে পালন কবে। বেজ-বৰুৱাৰ লগত তেওঁৰ যুগমীয়া বন্ধুত্ব স্থাপন হয়। দুয়ো যথার্থতে আছিল হবিহবাত্মা। জাতীয়তাবাদী নির্ভীক বাতৰি কাকতৰ অভাৱ পুৰণ কৰিলে চন্দ্ৰকুমাৰে। পুলিচ বিভাগৰ নীৰস কামত থাকিও ভাষা জননীর বেদীত ...

বনভোজ

Image
বগামাটি বনভোজ স্থলী

জুবিন গাৰ্গ

Image
                                                                ধৃতি হাজৰিকা  চাওঁতে চাওঁতে আজি              এবছৰে হবলৈ হ'ল, সেইদিনা আনিছিল              তোমাৰ নিথৰ দেহটো। সহজ ভাবে লব পৰা নাছিলোঁ              তুমি আমাক এৰি গুচি গলা, সেইদিনা যেন স্তব্ধ হৈ পৰিছিল               চাৰিওদিশ, কতো কোনো কাৰো মাত নাই, সকলোৱে কান্দিছিল                 তোমাৰ এষাৰ মাত শুনিবলৈ, দশোদিশে যেন কেৱল এন্ধাৰ আৰু এন্ধাৰ ৰাতিৰ আকাশত যেন সেইদিনা                  মৃত্যু হৈছিল এটি তৰাৰ, জিলিকি থকা তৰাটো যেন                   কৰবাত হেৰাই গল এই হৃদয়ৰ শীতলতা আঁতৰোৱাৰ ...

মৰমৰ দেউতা (অসমীয়া শিশু উপযোগী উপন্যাস)

Image
মৰমৰ দেউতা উপন্যাসখন ড০ ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত এক শিশু উপযোগী উপন্যাস। এই উপন্যাস খন সফুঁৰা নামৰ আলোচনীত প্ৰথমে প্ৰকাশ পাইছিল।  চৰিত্ৰসমূহ- বিপুল বিপুলৰ দেউতাক বিপুলৰ মাক নিভাৰাণী ৰিণি মুকুল মৃণালিনী সদানন্দ দত্ত ময়িদুল দুলাল কাৰ্তিক গণেশ কনক বিজয় দত্ত নিকুঞ্জ ড°অৰবিন্দ চৌধুৰী উপন্যাসৰ চমু আভাস - মাক দেউতাকে নিজ সন্তানক অতুলনীয় মৰম-স্নেহেৰে ডাঙৰ-দীঘল কৰে। সন্তান ভাল মানুহ হোৱাটোৱেই তেওঁলোকৰ কাম্য। কিন্তু মাক-দেউতাকৰ কষ্টৰ মোল নুবুজি সন্তান অবাটে গ'লে তেওঁলোকৰ আশাত চেঁচা পানী পৰে। অবাটে যোৱা সন্তানটিক সৎ পথত প্ৰত্যাৱৰ্তন কৰাবলৈ গ্ৰহণ কৰা পন্থাৰ ওপৰতেই লেখকে উপন্যাসখনৰ বিষয়বস্তু কেন্দ্ৰিত কৰিছে। ইয়াত দেউতাকৰ চৰিত্ৰটোই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে।দেউতা আৰু সন্তানৰ মাজৰ মৰম, সম্পৰ্ক, ত্যাগ আৰু পাৰিবাৰিক অনুভূতিৰ কথা প্ৰকাশ পাইছে। দেউতাই নিজৰ সন্তানৰ সুখ আৰু ভৱিষ্যতৰ বাবে বহু কষ্ট সহ্য কৰে। সন্তানৰ প্ৰতি থকা তেওঁৰ মৰম বহু সময়ত মুখেৰে প্ৰকাশ নকৰিলেও তেওঁৰ কাম-কাজৰ মাজেৰে সেই মৰম প্ৰকাশ পায়। উপন্যাসখনত পিতৃৰ দায়িত্ব, সন্তানৰ প্ৰতি থকা আশা-আকাংক্ষা, পাৰিবাৰিক টানা...