চন্দ্ৰকুমাৰ যেনেকৈ জানো

পদ্মধৰ চলিহা 

ভাটীৰ পৰা আহি অসমৰ জল-বায়ু, ভাষা সংস্কৃতিৰ লগত একেবাৰে মিলি যোৱা পৰিয়ালৰ ভিতৰত আগৰৱালা পৰিয়ালে নিশ্চয় আগশাৰীত ঠাই পাব। অসমীয়া সম্ভ্রান্ত পৰিয়ালৰ জীয়াৰীৰ লগত বিবাহ সূত্ৰত আৱদ্ধ হোৱাত সম্বন্ধ আৰু অধিক নিবিড় হৈ পৰিল। চন্দ্ৰকুমাৰৰ দেউতাক হৰিবিলাস আগৰৱালাই পোন প্ৰথমতে মহাপুৰুষ শঙ্কৰদেৱৰ অমৰ গ্ৰন্থ কীৰ্ত্তন পুথি প্রকাশ কৰি পোহৰলৈ উলিয়ায়। অসমীয়া সাহিত্যলৈ যোগোৱা আগৰৱালা পৰিয়ালৰ বৰঙণি বহুমূলীয়া। চন্দ্ৰকুমাৰৰ কবিতা পুথি 'প্রতিমা' আৰু 'বীণ বৰাগী'ত তেওঁৰ গভীৰ চিন্তাশীলতা, সূক্ষ্ম অনুভূতি আৰু জ্বলন্ত স্বদেশপ্রেম সুন্দৰকৈ ফুটি ওলাইছে। অসমীয়া নৱন্যাস যুগৰ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্র গোস্বামী, পদ্মনাথ গোহাঁইবৰুৱা, বেণুধৰ ৰাজখোৱা আদিৰ দৰে চন্দ্ৰকুমাৰো অন্যতম প্ৰৱৰ্ত্তক। কলিকতীয়া ছাত্র হৈ থকা কালতে তেওঁ 'জোনাকী' আলোচনীৰ সম্পাদকৰ দায়িত্ব লৈ তাক সুচাৰুৰূপে পালন কবে। বেজ-বৰুৱাৰ লগত তেওঁৰ যুগমীয়া বন্ধুত্ব স্থাপন হয়। দুয়ো যথার্থতে আছিল হবিহবাত্মা। জাতীয়তাবাদী নির্ভীক বাতৰি কাকতৰ অভাৱ পুৰণ কৰিলে চন্দ্ৰকুমাৰে। পুলিচ বিভাগৰ নীৰস কামত থাকিও ভাষা জননীর বেদীত অতি শুৱলা ভাব ভাষাৰ কবিতাৰ নৈবেদ্য যাচিলে আনন্দচন্দ্র আগৰৱালাই। পৰমানন্দ আগৰৱালাও আছিল সাহিত্যানুৰাগী আৰু স্বদেশ প্রেমিক। তেওঁৰ ঔৰসত আৰু বলিয়াঘাটৰ তিক কাকতীৰ পৰিয়ালৰ জীয়ৰী কিৰণময়ী (ওৰফে বিমান)ৰ গর্ভত জন্ম হ'ল সঙ্গীত সংস্কৃতিৰ একনিষ্ঠ সাধক অমৰ শিল্পী জ্যোতি প্রসাদৰ।

চন্দ্ৰকুমাৰৰ নাম স্কুলীয়া ছাত্রাৱস্থাতে শুনিছিলোঁ। তেওঁৰ মাধুৰী, সীতা-সৰমা, মানৱ বন্দনা, বীণ বৰাগী আদি কবিতা গোটাদিয়েক পঢ়ি আৰু আবৃত্তি কৰিও বৰ সোৱাদ পাই-ছিলোঁ। মানুহজন চাবলৈ আৰু তেওঁৰ সান্নিধ্যত আহিবলৈ বৰ হেঁপাহ আছিল। যথাসময়ত সেই সোণাময় ছেগ মিলিল।

১৯২২ চনৰ পৰা মই ডিব্ৰুগড় আদালতত ওকালতী কৰিবলৈ আৰম্ভ কৰিলোঁ। ভাড়া কৰিলোঁ শান্তিপাৰাৰ এটি ঘৰ। তেতিয়া চন্দ্ৰকুমাৰ আছিল খলিহামাৰীৰ ডাঙৰ বঙলাত। তাৰ পৰাই আগৰৱালা পৰিয়ালৰ তামোলবাৰী বাগিচা পৰিচালনা আৰু তত্ত্বাৱধান কৰিছিল। মাজেসময়ে তেওঁক দেখা কৰিবলৈ যাওঁ আৰু তেওঁৰ ঘনিষ্ঠ সান্নিধ্যত আহি-বলৈ সুযোগ পাওঁ। শ্বেতকায়, চুটি চাপৰ, গহীন গম্ভীৰব সৌম্য মূর্ত্তিয়ে মনত দকৈ সাঁচ বহুৱাইছিল। তেওঁৰ লগত সাহিত্য, ৰাজনীতি আদিৰ আলোচনা কৰিও আনন্দ লভিছিলোঁ। ডিব্ৰুগড়তে তেওঁ স্থিৰ কৰিলে তাত বহুৱা ছপাশালৰ পৰা 'অসমীয়া' নামৰ সাদিনীয়া বাতৰি কাকত এখন উলিয়াবলৈ। পোন প্রথম সম্পাদকৰ বাব দিলে বয়োবৃদ্ধ শিক্ষাবিদ মহেশ্বৰ বৰুৱাক। কিন্তু চন্দ্রকুমাৰেই সকলো দিহা-পৰামৰ্শ দি আছিল। এদিন ৰাতিপুৱা শুনিলোঁ চন্দ্ৰকুমাৰৰ মাজিউ পুতেক অকণকুমাৰে কিবা গুপুত কাৰণত ডিঙিত চিপজৰী লগাই আত্মহত্যা কৰিলে। বাতৰিটো পাই বিনা মেঘে বজ্রাঘাতৰ নিচিনা লাগিল। বাইচাইকেল লৈ এজন বন্ধুবে সৈতে ওলালোঁগৈ চন্দ্রকুমাৰৰ খলিহামাৰীৰ বাস ভৱনত। আমি ভাবিছিলোঁ বুঢ়া বয়সত এই দাৰুণ সন্তাপ পাই চন্দ্ৰকুমাৰ নিশ্চয় অতি বিহ্বল আৰু কাতৰ হৈছে। কিন্তু গৈ দেখোঁ তেওঁ বঙলাৰ বাৰান্দাত তহল দি নিৰ্ব্বিকাৰ চিত্তেৰে আছে। মোক দেখি 'অ' চলিহা আহা' বুলি সাদৰে মাতিলে। আমি সমবেদনাসূচক কথা কবলৈ নৌপাওঁতেই তেওঁ শ্রীমদ ভাগৱত গীতাৰ স্তোত্র কিছুমান গাই আমাক হে বুজনি দিবলৈ ধৰিলে। লগতে ক'লে, "সি যদি আমাকএৰি গুচি যাবলৈ সঙ্কোচ বোধ নকৰিলে তাৰ কাৰণে বেজাৰ কৰিলে কি হ'ব?" মানুহজনৰ ধৈর্য্য, মনোবল আৰু আধ্যাত্মিক শক্তি দেখি বিস্মিত হলো; আক ভক্তি-ভাৱত শিৰ দোঁৱালোঁ। চন্দ্ৰকুমাৰৰ আৰু দুটি সন্তান জীবিত থাকিল-নবীন আৰু তৰুণ। চন্দ্ৰকুমাৰ আছিল প্ৰকৃত স্থিতপ্রজ্ঞ। কগীতাৰ 'মহৎ আদর্শ তেখেতৰ নিজ জীৱনতে প্রতিফলিত কৰিছিল।

চন্দ্ৰকুমাৰৰ লগতে আছিল তেওঁৰ ভতিজাক ধীবেন আৰু মাজে সময়ে থাকেহি জ্যোতি প্রসাদ। তামোলবাৰী বাগিচাত কিছুকাল আছিল কৃষ্ণ আগৰৱালা। তামোলবাৰী বাগিচা অসমৰ ভিতৰত এখন লেখত লবলগীয়া চাহ-বাগান। তাত প্রস্তুত হোৱা ভিন ভিন ধৰণৰ চাহৰ পেকেট প্ৰচুৰ পৰিমাণে অসমৰ বাহিৰেও দূৰ দূৰণিত সমাদৃত হৈছিল। বাতৰি কাকতত তাৰ বিজ্ঞাপন চন্দ্ৰকুমাৰ আৰু বেজবৰুৱাৰ ভাষাৰে অতি আকর্ষণীয় ভাবে চাৰিউফালে প্ৰচাৰিত হৈছিল এইবুলি- “তামোলবাৰীৰ তামোল নহয়, তামোলবাৰীৰ চাহ। খাই সকলোৱে কবে আঃ, আঃ আঃ।।"                      

ডিব্ৰুগড়ত থাকোঁতেই চন্দ্ৰকুমাৰে অসমৰ এটি ডাঙৰ অভাৱ মোচন কৰিবলৈ দৃঢ় প্রতিজ্ঞ হৈ আসাম প্রিণ্টাৰ্ছ, এণ্ড পাব্লিছাছ, নামেৰে এটি লিমিটেড কোম্পানী প্রতিষ্ঠা কৰি তাৰ জৰীয়তে "অসমীয়া” নামৰ এখনি সাদিনীয়া বাতৰি কাকত উলিয়াবলৈ স্থিৰ কৰিলে। ব্যৱসায় হিচাবেও যাতে উক্ত প্রতিষ্ঠানটো আৰু কাকতখনি সমৃদ্ধিশালী হয় তাৰ ব্যৱস্থাও উদ্ভাৱন কৰিলে তীক্ষ্ণবুদ্ধি সম্পন্ন চন্দ্ৰকুমাৰে। "অসমীয়া” নিয়মিত ভাবে সপ্তাহে সপ্তাহে ওলাই দেশত নৱজা-গৰণৰ সৃষ্টি কৰিলে। ১৯২১ চনত মহাত্মা গান্ধীয়ে অসম ভ্রমণ কৰোঁতে ডিব্ৰুগড়ত চন্দ্ৰকুমাৰৰ খলিহামাৰীৰ ঘৰতে তেখেতক ৰাখি সেৱা শুশ্রূষা কৰাৰ যুগুত দিহা কৰা হ'ল। গান্ধীজীৰ সংস্পৰ্শত আহি চন্দ্ৰকুমাৰৰ ভাব-গতি আৰু চিন্তা-ধাৰাৰ আচৰিত পৰিবর্তন ঘটিল। মহাত্মা প্রবর্তিত অসহযোগ আন্দোলন, স্বদেশী প্রচাৰ আদিব প্রতি চন্দ্রকুমাৰ খুব আকৃষ্ট হ'ল। তেওঁ বিদেশী বস্ত্র আদি বৰ্জন কৰি নিজেও নিয়মিত ভাবে নিভাঁজ খদ্দবৰ কুর্তা, পাইজামা পিন্ধিবলৈ আৰম্ভকৰিলে। ঘৰৰ খিড়িকী ছৱাৰবোৰো সুশোভিত কৰিলে খদ্দৰৰ ধুনীয়া পদ্দাই। 'অসমীয়া' কাকতো পৰিণত হ'ল সম্পূর্ণ জাতীয়তাবাদী আৰু স্বাধীনতা সংগ্রামৰ বাণী প্ৰচাৰক কাকতত। 

এইদৰে সময় টিলিকি মাৰি যাবলৈ ধৰিলে। ডিব্ৰুগড়ৰ পৰা প্ৰকাশ আৰু প্ৰচাৰ কৰাত অসুবিধা দেখি গুৱাহাটীলৈ ছপাশাল আৰু 'অসমীয়া' কাকত স্থানান্তৰিত কৰিবলৈ চন্দ্ৰকুমাৰে সিদ্ধান্ত কৰিলে। নগৰৰ পৰা প্রায় আঢ়ৈ মাইল আঁতৰৰ হাবি-জঙ্ঙ্খল বনৰীয়া জন্তুৰে পৰিপূৰ্ণ খাৰঘুলি পাহাৰত 'নিউ প্রেছ' নামাকৰণেৰে ছপাশাল থিতাপি কৰা হ'ল। তাৰ পৰাই 'সাদিনীয়া অসমীয়া' ওলাবলৈ ধৰিলে। লক্ষ্মী নাথ ফুকন, অমিয়কুমাৰ দাস, জ্যোতি আগৰৱালা, মোহন মহন্ত আদি এজন এজনকৈ সম্পাদক হ'ল। কিন্তু কোনো জনেই সৰহ দিন তিষ্ঠিব নোৱাৰিলে। সেই সময়ত বেজ বৰুৱাই সম্বলপুৰত কাঠৰ ব্যৱসায় কৰিছিল। আৰু তাৰ পৰাই তেওঁৰ জনপ্রিয় আলোচনী 'বাঁহী' প্রকাশিত হৈছিল। কিন্তু তাত বিশেষ আহুকাল পাই তেওঁৰ অন্তৰঙ্গ বন্ধু চন্দ্ৰকুমাৰ (মাজিউ) ক জনোৱাত চন্দ্ৰকুমাৰে নিউ প্ৰেছৰ পৰাই 'বাঁহী' প্রকাশ কৰিবলৈ গাত ল'লে। ১৯৩০/৩১ চনত আইন অমান্য আন্দোলন ভাৰতত তথা অসমত প্ৰৱল প্রকোপেৰে চলিছিল। হাজাৰ হাজাৰ নব-নাৰীয়ে মহাত্মাৰ আহ্বানত আন্দোলনত জঁপিয়াই পৰিছিল। ওকালতী ব্যৱসায় কৰা অনেকেই ওকালতী বৰ্জন কৰি স্বাধীনতা যুদ্ধৰ সৈনিক শ্রেণীত ভুক্ত হৈছিল। মই তেতিয়া শিৱসাগৰত 'শিৱসাগৰ বিদ্যাপীঠ' নামৰ এটি জাতীয় শিক্ষা -প্রতিষ্ঠান খুলি তাৰ সম্পাদকৰ দায়িত্ব লৈ আছিলোঁ। প্রধান শিক্ষক আছিল স্বদেশ প্রাণ ডেকা সোণাৰাম দত্ত। তেনেতে এদিন ডাকত এখন চিঠি পাই খুলি দেখিলোঁ স্বনামধন্য চন্দ্রকুমাৰ আগৰৱালাৰ চিঠি। অতি সন্তর্পণে পঢ়ি চালোঁ। পঢ়ি দেখিলে। সাদিনীয়া আৰু তিনদিনীয়া "অসমীয়া” কাকতৰ সম্পাদকৰ বাব লবলৈ এই অভাজনলৈ তেখেতৰ সাদৰ আহ্বান।

মই বিষম সমস্যাত পৰিলোঁ। তেতিয়া শিৱসাগৰত ওকালতী ব্যৱসায়ত আছো। তাতে অতি যত্নেবে 'শিৱসাগৰ বিদ্যাপাঠ'খন প্রতিষ্ঠা কৰি পৰিচালনা আৰু শিক্ষকতা কৰি আছো। কিন্তু সাংবাদিকতাৰ প্রতিও আগৰ পৰা মোৰ এটা আছিল ডাঙৰ মোহ। গতিকে এনে এটা সোণাময় "ছেগ পাইও তাৰ সুযোগ নোলোৱাটো ভুল হ'ব বুলি ভাবিলোঁ। পিতৃদেৱতাৰ আবহনে কুলধৰ ককাইদেৱ আমাৰ পৰিয়ালটোৰ বৰ মুৰীয়া। গতিকে তেখেতৰ পৰামৰ্শ খুজি যোৰহাটলৈ চিঠি এখন দিলোঁ। তেখেতে এই বুলি উত্তৰ দিলে যে দেশত যেতিয়া তুমুল স্বাধীনতাৰ সংগ্ৰাম চলি আছে তেতিয়া ওকা-লতী কৰি অনাহকত সময় কটোৱাতকৈ এখন জাতীয়তাবাদী কাকতৰ সম্পাদক হৈ পৰিচালনা কৰাটোহে অধিক বাঞ্ছনীয়। আগৰৱালালৈ কামৰ চৰ্ত্ত আদি সুধি চিঠি দিলোঁ। তেখেতে লিখিলে তিনি বছৰৰ চুক্তি। দৰ্ম্মহা প্রথমতে এশ টকা (সেই' সময়ত এশ টকাৰ মূল্য আজি-কালিৰ পাঁচশ টকাৰ সমান)। সৰু ককাইদেউৰ পৰামৰ্শ অনুসৰি মই সন্মতিসূচক চিঠি দিলোঁ-১৯৩১ চনৰ পৰা ৩৪ চনলৈকে সম্পাদকৰ কাম কৰিবলৈ। ঘৰত লৰা-তিৰোতা এৰি, টালি-টোপোলা বান্ধি আৰু বিদ্যাপাঠখন সোণাৰাম দত্তক গতাই দি গুৱাহাটীলৈ বাওন। হলো। উজানবজাৰত চন্দ্ৰকুমাৰ আগৰৱালাৰ ঘৰৰ কাষতে মহিবুদ্দিন আহ্মদ ই, এ, চি, ব ভাড়া ঘৰ এটাকে ঠিক কৰি লৰা-তিৰোতাও যথা সময়ত তালৈকে আনিলো। আগৰৱালাক দেখা কৰি কামত ভৰ্তি হলোঁ। তেখেতে আনন্দ প্রকাশ কৰিলে।
             
তেতিয়া নিউ প্ৰেছৰ মেনেজাৰ আছিল শ্রীখগেন্দ্রনাথ দত্ত, প্রিন্টাৰ আছিল পূর্ণকাকতি, আৰু কাকতৰ সহ-সম্পাদক আছিল কমাৰকুছিৰ দক্ষ বৰুৱা, পিচত যোগেন বৰকাকতী আক হবেন বকরা। তেওঁলোকৰ সহায় সহযোগিতা মোৰ ঘাই সমল হ'ল। দক্ষ বকরা প্রুফ, আদি চোৱাত অতি সুদক্ষ আছিল। 'তিন দিনীয়া অসমীয়া'ৰ তেতিয়া গ্ৰাহকৰ সংখ্যা নিচেই তাকৰ আছিল, মাত্র পাঁচশ মান। মই সংকল্প কৰিলোঁ কাকতখন অধিক জনপ্রিয় আৰু আকর্ষণীয় কৰি গ্রাহক বঢ়াবলৈ। দুমাহমানৰ ভিতৰতে গ্রাহক প্রায় তিনি চাবি হেজাৰ হ'ল। আগৰৱালাই উজানবজাৰৰ ঘৰৰ পৰাই সকলো দিহা পরামর্শ দি থাকে। তেখেত নিজে এদিনো প্রেছলৈ যোৱা নেদেখিলোঁ। 

কাকতখনিৰ কাম কৰোঁতে যদিও অশেষ কষ্ট আৰু অসুবিধা ভোগ কৰিবলগীয়া হৈছিল, সেই সকলো হেলাৰঙে মূৰপাতি কর্তব্যত ৰত হলোঁ। পৰিয়াল লৈ থকা মেলাৰ ভয়ানক অসুবিধা। কৰবাত ঘৰ এটা ভাড়া কৰি-লেও কেদিনমানৰ পিছতে এৰি দিব লগা হয়। ইটোৰ পৰা সিটো ঘৰলৈ বাগৰি ফুৰোঁ। কোমল বয়সীয়া লৰা-তিৰোতা এবি কোনো দিনা নিশা ১২।১ বজালৈকে ২ই মাইল দূৰৰ পাহাৰৰ মাজত কাম কৰি থাকিব লগা হয়। সেই সময়ত বাল্য-বন্ধু আৰু সহপাঠী হৰনাথ বৰুৱা, অনুজপ্রতিম ৰাধানাথ হাজৰিকা আৰু সমাজ সেৱক সুহৃবৰ সমুদ্র পাঠকৰ সহায় সহানুভূতি নোপোৱা হ'লে মই বিষম বিপদত পৰিলে।-হেতেন। এইদৰে দুঃখে-কষ্টে কাকতৰ কাম কৰি আছো। এনেতে আগৰৱালা ডাঙৰীয়াৰ পৰা এখন চিঠি পাই মূৰতে সৰগ পৰা দৰে পৰিল। তেখেতে লিখিলে, 'প্ৰেছৰ অৱস্থা ভাল নোহোৱা বাবে অহা মাহৰ পৰা তোমাৰ দৰ্ম্মহা এশৰ ঠাইত ৭৫ কৰা হ'ল।' মই ভাবিলে। এম-এ, বি-এল উপাধিধাৰী হৈও তেখেতৰ আমন্ত্রণক্রমে মাত্র এশ টকাদৰ্ম্মহাত তিনি বছৰৰ কাৰণে চুক্তি কৰি আনি, মই ইমান প্রাণপণে কাকতখনৰ উন্নতিৰ কাৰণে যত্নপৰ হোৱাতো, দৰ্ম্মহা বঢ়াওক ছাবি কমোৱাটো নিতান্ত হৃদয়হীনতা আৰু অকৃতজ্ঞতাৰ চিন। গতিকে পদত্যাগ কৰাৰ বাহিৰে অন্য উপায় নাই। পিছদিনা কুলধৰ ককাইদেউলৈ এখন চিঠি দিলে। মতামত বিচাৰি। তেখেতে উত্তৰ দি পঠালে বর্ত-মান পৰিস্থিতিত কাম এৰা ভুল হব। গতিকে সম্প্রতি Stick কৰাই শ্রেয়ঃ। মইও কাকতখনৰ মায়া এৰিবলৈ টান পালোঁ। আকৌ ভাবিলোঁ আগৰৱালাৰ ব্যৱসায়-বুদ্ধি অতি তীক্ষ্ণ; সি মায়া-মমতাৰ বাহিৰ। মই আৰু ভাবিলোঁ মানৱতাৰ পূজাৰী 'মানৱ-বন্দনা'ৰ ৰচক এজন কবিয়ে যি চৈতন্যদেৱৰ আৰ্হিৰে 'মানুহেই দেৱ মানুহেই সেৱ, মানুহ বিনে নাই কের' আৰু 'জয় জয় মানৱদেৱ' বুলি লিখিব পাৰে, তেনে এজন লোকৰ পক্ষে এজন কৰ্তব্য পৰায়ণ তলতীয়া কৰ্ম্মচাৰীৰ প্ৰতি তেনে আচৰণ কৰাটো কেনেকৈ সম্ভৱপৰ হ'ল। বহুত ভাবি-চিন্তি পালোঁগৈ -তেখেতৰ মৰমৰ কাকতখন জীয়াই ৰাখিবলৈকে তেখেতে নিৰ্ম্মম ইকনমি বা মিতব্যয়িতাৰ কঠোৰ পন্থা অৱলম্বন কৰিবলৈ বাধ্য হৈছে। ভাবিলোঁ- চন্দ্ৰকুমাৰৰ অন্তৰত কবি-সুলভ কোমলতা আৰু ব্যৱসায়ী সুলভ কঠোৰতা দুয়োটা বিপৰীত গুণৰে প্ৰভাৱ আছে। তেখেতৰ ওচৰলৈ গৈ মোৰ আহুকালৰ কথা জনোৱাত তেখেতে হিচাব-পত্র দেখুৱাই বুজাই ক'লে- কাকতখন মৰিবলৈ নিদিবা- তুমি স্বার্থত্যাগ কৰি হলেও কাম কৰি থাকাঁ। অগত্যা কামত লাগি থাকিলোঁ। কিন্তু মোৰ উৎসাহ-উদ্যম অলপো কমিবলৈ নিদিলে।। 
         
সাহিত্যৰথী বেজবৰুৱাই সম্বলপুৰৰ পৰা 'বাঁহী' আলোচনীৰ প্রবন্ধাদি চাই-চিতি সম্পাদনা কৰিবলৈ আহুকাল পাই তেওঁৰ বন্ধু চন্দ্ৰকুমাৰক জনালে এই অভাজনৰ সহায়-সহযোগিতা লবলৈ। সেই নির্দেশ অনুসৰি মোক 'বাঁহী'ৰ সহ-সম্পাদক বাবটোও দিলে। কিন্তু তাৰ বাবে সুকীয়া একো বানচ দিবলৈ অপাৰগতা স্বীকাৰ কৰিলে। তথাপি আলোচনীখনৰ মোহত আৰু দুগৰাকী প্রবণ সাহিত্যিকৰ আদেশ পালনার্থে দায়িত্বটো কান্ধ পাতি ললোঁ। বেজবহৰুৱাই প্ৰবন্ধবোৰ ডাক-যোগে মোলৈ পঠাই দিয়ে, মই ভুল-চুক শুধৰাই নিয়মমতে পাৰবেশন কৰি ছপাবলৈ দিওঁ। 
          
এইদৰে দিন গৈ আছে। এনেতে গুৱাহাটীত সংক্রামক ব্যাধিরূপে ব্যাপকভাবে 'বেছিলেৰি ডিছেন্টি'ৰ প্রকোপ চৰিবলৈ ধৰিলে। মোৰ উজানবজাৰৰ ভাড়াঘৰৰ সন্মুখেদি দিনে-ৰাতিয়ে ইটোৰ পিছত সিটো মৃতদেহ লৈ যোৱাৰ করুণ দৃশ্য দেখিবলৈ ধৰিলোঁ। ঈশ্বৰৰ কি ইচ্ছা, মোৰ ৮ বছৰীয়া লৰা মান পৰাগ (বনপোনা) ও সেই ৰোগত বৰকৈ আক্রান্ত হ'ল। আমাৰ উদ্বিগ্নতাৰ সীমা নোহোৱা হ'ল। আগৰৱালা দিনো আই খা-খবৰ কৰেহি। এদিন পৰাগৰ অৱস্থা দেখি অতি বেজাৰেৰে ক'লে "আঐ দেহি! সেইহেন লৰাটি কেনেকৈ ক্ষীণালে"। তেখেত, অধ্যক্ষ জে, বৰুৱা আৰু ডাঃ ভুবনেশ্বৰ বৰুৱাই লৰাটিক বচাবলৈ খুব যত্ন কৰিলে আৰু সদায় চাই যায়হি। কেদিনমানৰ পিছত তাৰ ৰোগ শাম কাটিলত হে আমাৰ মুখলৈ পানী আহিল। 
            
তাৰ অলপদিনৰ পিছত মই 'সান্ধয়া সম্মিলনী' নামৰ এটি সাংস্কৃতিক অনুষ্ঠান খুলিবলে স্থিৰ কৰিলোঁ। তাৰ প্ৰথম অধিবেশন মোৰ বহাতে পাতিলে।। আগৰৱালা, জে, বৰুৱা, সূৰ্য্যভূঞা আদিয়ে আন্তৰিক সহযোগিতা আগবঢ়ালে। সেই সময়ত শিৱসাগৰ বিদ্যাপীঠৰ ছাত্ৰ জনদিয়েক গুৱাহাটীলৈ গৈ মোৰ আলহী হৈ আছিল। দস্তুৰমতে কাৰ্য্যসূচী প্রস্তুত কৰি সেই ছাত্ৰসকলৰ হতুৱাই মোৰ "নিমন্ত্রণ” প্রহসনৰ দুটামান দৃশ্যৰ অভিনয় কৰালোঁ। ভূঞাই "প্রাগজ্যোতিষৰ পুৰণি কীৰিতি প্ৰতিষ্ঠিত আজি গানে” শীর্ষক এটি গীতৰচি দিলে। তাকো গোৱালোঁ। আগৰৱালা যদিও দেখাত নীৰস ব্যৱসায়ী, সাহিত্যৰদৰে সঙ্গীততো তেখেতৰ বৰ ৰাপ আছিল। নহলেনো "অসমা সুষমা কামৰূপা” শীর্ষক সুললিত সংস্কৃত দেশ-প্রেম মূলক গীত তেখেতে বচনা কৰিব আৰু "ন যযৌ ন তস্থৌ অগাপিচা ভৰিটি” বুলি, মাধুৰীৰ ৰূপ লাৱণ্য বর্ণনা কৰিব পাৰিলেহেঁতেন নে? নহলেনো কবি দুৱৰাৰ ৰচনাবিলাকে তেখেতক ইমান মুগ্ধ কৰিব পাৰিলেহেঁতেন নে? আগতে কোৱা হৈছে যে চন্দ্ৰকুমাৰ আগৰৱালাই নিজ বাসভৱনৰ পৰাই সকলো দিহা-পৰামৰ্শ, আদেশ-নির্দেশ দি প্ৰেছ আৰু বাতৰি কাকতৰ কাম চলায়। তেখেতৰ ঘৰতে মোৰ লগত ভাষা-সাহিত্যৰ বিষয়ে প্রায়েই আলোচনা কৰো। অসমীয়া যাতে নিখুঁতকৈ লিখা হয় তালৈ তেখেতে বিশেষ মনোযোগ দিছিল। মোক বুজাই দিছিল ইংৰাজী 'sh' টো অসমীয়াত 'শ্ব' বুলি লিখা উচিত। ইংৰাজী 'Committee' অসমীয়াত 'কমিটী' লিখিব লাগে, ইত্যাদি। তেখেতৰ এনেকুৱা ভালেমান পৰামৰ্শত উপকৃত হলোঁ। তেখেতে কোনো ৰাজহুৱা অনুষ্ঠান সভা-সমিতি আদিত কেতিয়াও যোগ দিয়া নেদেখিলোঁ। লোক দৃষ্টিৰ আঁতৰত থকাটোহে তেখেতে পছন্দ কৰিছিল। লাইম-লাইট বা আত্ম প্ৰকাশৰ উজ্জ্বল পোহৰ তেখেতে বৰ্জন কৰিছিল। তেখেতে কেতিয়াবা কয়, সভা-সমিতিত হাত চাপৰি শুনিলে তেখেতৰ গা জিকাৰ খাই উঠে। নীৰৱ কৰ্ম্মী হৈ গীতাৰ কৰ্ম্মযোগ আৰু জ্ঞানযোগৰ বিধান পালন কৰাটোৱেই আছিল তেখেতৰ বৈচিত্র্য-পূর্ণ জীৱনৰ আদর্শ। অসম সাহিত্য সভাৰ সভাপতিৰ পদ কেবা-বাৰো তেখেতক যাচিও কোনোমতে সম্মত কৰাব পৰা নহ'ল। শাৰীৰিক শক্তি অলপ ক্ষীণ হোৱাত তেখেতৰ জীৱিত ডাঙৰ পুতেক নবীনকুমাৰকে মেনেজিং ডাইৰেক্টৰ স্বৰূপে কাম কৰাৰ ভাৰ দিলে। নবীন প্রায় সদার প্রেছলৈ যায় আৰু কাকতৰ কামো তত্ত্বাৱধান কবে। ইতিমধ্যে মোৰ তিনিবছৰীয়া চুক্তিৰ কাল পাৰ হ'ল আৰু নতুন ডিৰেক্টৰ নবীন আগৰৱালাৰ লগতো অলপ মনোমালিন্য হ'ল। সেয়ে অসমীয়াৰ কাম ইস্তফা দি আকৌ ওকালতিত লাগিলো। অৱশ্যে চন্দ্ৰকুমাৰৰ নিচিনা, অসাধাৰণ ব্যক্তিত্ব সম্পন্ন প্রখ্যাত কবি-সাহিত্যিক ব্যৱসায়ী চাহ খেতিয়ক দেশ প্রেমিকৰ সংস্পর্শ আৰু সান্নিধ্যত আহিবলৈ ইমানদিনে সুযোগ পাই নিজকে ধন্য মানিলোঁ। সেই হেন আদৰণীয় কাকতখনি পিচত কিছুদিন সাদিনীয়াকৈ ওলাই অন্তর্জান হোৱাটো অসমীয়া জাতিৰ পক্ষে অতি দুর্ভাগ্য আৰু পৰিতাপৰ কথা। চন্দ্ৰকুমাৰৰ গাত দেখা পাইছিলোঁ ভিন ভিন গুণৰ অপূর্ব্ব সমন্বয়, বিচিত্র সমাবেশ। "বজ্রাদপি কঠোৰেণ কোম-লেন কুসুমাদপি”। লাল বাহাদুৰ শাস্ত্রী সম্পর্কে প্রয়োগ কৰা এই কথা চন্দ্ৰকুমাৰৰ ক্ষেত্ৰতো প্রযোজ্য। চন্দ্ৰকুমাৰ দৰাচলতে আছিল বজ্ৰতকৈও কঠোৰ অথচ কুসুমতকৈও কোমল। বাহিৰত দেখাত নীৰস, শুকান, গদ্যময়, কিন্তু অন্তৰ্থন আছিল বসাল, কবিতাময়। তেওঁৰ সাধনা আছিল অতন্দ্ৰিত, অথচ নীৰৱ, নিঃস্বার্থ। তেওঁৰ ব্যক্তিত্বত আছিল প্রকৃত কবিসুলভ মানৱতাবোধ আৰু প্রকৃত ব্যৱসায়ী সুলভকৰ্ম্মপটুতা। তেওঁৰ সকলো কাৰ্য্যৰ মূলতে আছিল জ্বলন্ত স্বদেশ প্ৰেমৰ উদ্দীপনা। দেশহিতকৰ অনুষ্ঠানত, বিশেষকৈ সাংবা-দিকতাৰ ক্ষেত্ৰত, তেওঁ আছিল আগৰণুৱা আৰু বাটকটীয়া। চন্দ্ৰকুমাৰৰ মহৎ আদর্শই দেশৰ উঠি অহা ডেকা-গাভৰু-সকলক অসীম প্রেৰণা দিয়ক! কীর্ত্তিযস্য স জীৱতি।

তথ্য উৎস 
পৃষ্ঠা নং-১১

Popular posts from this blog

জুবিন গাৰ্গ

মৰমৰ দেউতা (অসমীয়া শিশু উপযোগী উপন্যাস)