জুবিন গাৰ্গ
ধৃতি হাজৰিকা
চাওঁতে চাওঁতে আজি
এবছৰে হবলৈ হ'ল,
সেইদিনা আনিছিল
তোমাৰ নিথৰ দেহটো।
সহজ ভাবে লব পৰা নাছিলোঁ
তুমি আমাক এৰি গুচি গলা,
সেইদিনা যেন স্তব্ধ হৈ পৰিছিল
চাৰিওদিশ,
কতো কোনো কাৰো মাত নাই,
সকলোৱে কান্দিছিল
তোমাৰ এষাৰ মাত শুনিবলৈ,
দশোদিশে যেন কেৱল এন্ধাৰ আৰু এন্ধাৰ
ৰাতিৰ আকাশত যেন সেইদিনা
মৃত্যু হৈছিল এটি তৰাৰ,
জিলিকি থকা তৰাটো যেন
কৰবাত হেৰাই গল
এই হৃদয়ৰ শীতলতা আঁতৰোৱাৰ তুমিয়ে
আছিলা একমাত্ৰ উপায়।
ডাৱৰেও যেন উচুপি কান্দিছে
কেৱল তোমাৰ এষাৰ মাত শুনিবলৈ,
তুমি জিলিকি থকা মায়াবিনিৰ বুকুত,
তোমাৰ হুংকাৰতে যেন জীপাল হৈ পৰিছে
এই গোটেই মাতৃভূমি,
অজান দেশলৈ উৰি গলা তুমি
বুকুত ৰৈ গল চিৰকাললৈ তোমাৰ সুৰ।
শেষ বুলিলেই শেষ নহয়
এয়া কেৱল তোমাৰেই প্ৰমাণ।