মৰমৰ দেউতা (অসমীয়া শিশু উপযোগী উপন্যাস)
মৰমৰ দেউতা উপন্যাসখন ড০ ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত এক শিশু উপযোগী উপন্যাস। এই উপন্যাস খন সফুঁৰা নামৰ আলোচনীত প্ৰথমে প্ৰকাশ পাইছিল।
চৰিত্ৰসমূহ-
বিপুল
বিপুলৰ দেউতাক
বিপুলৰ মাক
নিভাৰাণী
ৰিণি
মুকুল
মৃণালিনী
সদানন্দ দত্ত
ময়িদুল
দুলাল
কাৰ্তিক
গণেশ
কনক
বিজয় দত্ত
নিকুঞ্জ
ড°অৰবিন্দ চৌধুৰী
উপন্যাসৰ চমু আভাস -
মাক দেউতাকে নিজ সন্তানক অতুলনীয় মৰম-স্নেহেৰে ডাঙৰ-দীঘল কৰে। সন্তান ভাল মানুহ হোৱাটোৱেই তেওঁলোকৰ কাম্য। কিন্তু মাক-দেউতাকৰ কষ্টৰ মোল নুবুজি সন্তান অবাটে গ'লে তেওঁলোকৰ আশাত চেঁচা পানী পৰে। অবাটে যোৱা সন্তানটিক সৎ পথত প্ৰত্যাৱৰ্তন কৰাবলৈ গ্ৰহণ কৰা পন্থাৰ ওপৰতেই লেখকে উপন্যাসখনৰ বিষয়বস্তু কেন্দ্ৰিত কৰিছে।
ইয়াত দেউতাকৰ চৰিত্ৰটোই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে।দেউতা আৰু সন্তানৰ মাজৰ মৰম, সম্পৰ্ক, ত্যাগ আৰু পাৰিবাৰিক অনুভূতিৰ কথা প্ৰকাশ পাইছে। দেউতাই নিজৰ সন্তানৰ সুখ আৰু ভৱিষ্যতৰ বাবে বহু কষ্ট সহ্য কৰে। সন্তানৰ প্ৰতি থকা তেওঁৰ মৰম বহু সময়ত মুখেৰে প্ৰকাশ নকৰিলেও তেওঁৰ কাম-কাজৰ মাজেৰে সেই মৰম প্ৰকাশ পায়।
উপন্যাসখনত পিতৃৰ দায়িত্ব, সন্তানৰ প্ৰতি থকা আশা-আকাংক্ষা, পাৰিবাৰিক টানাপোড়েন আৰু মানৱীয় অনুভূতি সুন্দৰভাৱে ফুটাই তোলা হৈছে। দেউতাৰ ত্যাগ আৰু সন্তানৰ প্ৰতি তেওঁৰ নিঃস্বাৰ্থ ভালপোৱাই পাঠকৰ মনত গভীৰ প্ৰভাৱ পেলায়।
সহজ ভাষাত ক’বলৈ গ’লে, ‘মৰমৰ দেউতা’ হৈছে দেউতাৰ নিঃস্বাৰ্থ মৰম আৰু সন্তানৰ সৈতে তেওঁৰ আৱেগিক সম্পৰ্কক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এখন অনুভূতিপূৰ্ণ উপন্যাস।